DeshToday Assamese

PR Sreejesh

দেউতাকে গৰু বিক্ৰী কিনি দিছিল প্ৰথম কিট৷ আজি ৪০ কোটিৰো অধিক সম্পদৰ গৰাকী সেই খেলুৱৈ৷

এয়া শ্ৰীজেশৰ কাহিনী৷ ভাৰতীয় হকী দলৰ নিৰ্ভৰযোগ্য গ’লকীপাৰ পি আৰ শ্ৰীজেশ৷ খেলৰ প্ৰতি ভাল পোৱা, একাগ্ৰতা, নিষ্ঠাই এজন খেলুৱৈক সাধাৰণ স্তৰৰ পৰা কিদৰে নায়কত পৰিণত কৰিব পাৰে, তাৰ অন্যতম উদাহৰণ ভাৰতীয় হকী দলৰ এই সদ্য-অৱসৰী খেলুৱৈগৰাকী৷

Parattu Raveendran Sreejesh

পেৰিছৰ অনেক বিষাদৰ মাজতো এটা ভাল খবৰ৷ প্ৰায় একৈশ বছৰীয়া কেৰিয়াৰৰ মধুৰ সামৰণি মাৰিলে এজন বৰেণ্য খেলুৱৈয়ে৷

পেৰিছলৈ ভাৰতীয় হকী দল গৈছিল স্বৰ্ণজয়ৰ লক্ষ্যৰে৷ স্বৰ্ণজয় সম্ভৱ নহ’লেও ৫২ বছৰৰ পাছত ভাৰতীয় হকী দলে লাভ কৰিলে আন এক কৃতিত্ব৷ ক্ৰমাগত দুখন অলিম্পিকত পদকজয় কৰিলে ভাৰতীয় হকী দলে৷ ৫২ বছৰৰ আগতেই এনেদৰে অন্তিমবাৰৰ বাবে ক্ৰমাগত দ্বিতীয়খন অলিম্পিকত পদক পাইছিল ভাৰতীয় হকী দলে৷ আৰু পেৰিছত ব্ৰঞ্জ জয়ৰ জৰিয়তে পি আৰ শ্ৰীজেশে সামৰিলে নিজৰ বৰ্ণাঢ্য কেৰিয়াৰ৷

খেলুৱৈজন পি আৰ শ্ৰীজেশ (P R Sreejesh)৷ ভাৰতীয় দলৰ সৈতে যাৰ একৈশ বছৰযোৰা সম্পৰ্ক৷ আঢ়ৈ বছৰমান জুনিয়ৰ লেভেলত খেলি ২০০৬ চনৰেপৰা ছিনিয়ৰ দলৰ হৈ খেলি আহিছিল কেৰালাৰ কোচিত জন্ম লোৱা এই হকী খেলুৱৈয়ে৷ নিজৰ কেৰিয়াৰত ৩৩৬ খন মেচত অৱতীৰ্ণ হোৱা শ্ৰীজেশ বিগত বেছ কিছুবছৰ আছিল ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য স্তম্ভ৷ গ’লপোষ্টৰ তলত শ্ৰীজেশ আছিল দেৱালসদৃশ৷ আন্তৰ্জাতিক স্তৰত সুনাম থকা শ্ৰীজেশে অনেকবাৰ লাভ কৰিছিল শ্ৰেষ্ঠ গ’লকীপাৰৰ স্বীকৃতি৷

বিশ্বৰ বৰ্ষশ্ৰেষ্ঠ গ’লকীপাৰৰো সন্মন লাভ কৰিছে শ্ৰীজেশে৷ লাভ কৰিছে পদ্মশ্ৰী আৰু খেলৰত্ন সন্মান৷ অলিম্পিক গেমছৰ দুটাকৈ মেডেল লাভ কৰা শ্ৰীজেশৰ কেবিনেটত আছে এছিয়ান গেমছ, চেম্পিয়নছ ট্ৰফী, কমনৱেল্থ গেমছ, এছিয়ান চেম্পিয়নছ ট্ৰফী, ৱৰ্ল্ড লীগৰ সোণ-ৰূপকে ধৰি সোতৰটাকৈ মেডেল৷

Leave a Reply

Your email address will not be published. Required fields are marked *