DeshToday Assamese

আচৰিত নহ’ব। ভাৰতৰ মাটি দখল কৰিলে হেনো বাংলাদেশে। ১-২ কিঃমিঃ নহয়, সম্পূৰ্ণ ৫ কিঃমিঃ ভাৰতৰ ভূখণ্ড নিজৰ দখললৈ নিছে গৃহযুদ্ধৰ কৱলত ককবকাই থকা বাংলাদেশে।

ভাৰতৰ মাটি দখলৰ এই উদ্ভট দাবী কৰিছে বাংলাদেশৰ সীমান্তৰক্ষী বিজিবিয়ে। ইয়াৰ বিপৰীতে ভাৰতৰ ভূখণ্ড সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি দাবী কৰিছে ভাৰতৰ সীমান্তৰক্ষী BSFএ। উল্লেখ্য যে ভাৰতৰ দখলত থকা মহেশপুৰ উপ-জিলাৰ মাটিলা সীমান্তৰ কোদলা নদীৰ ৫ কিলোমিটাৰ ভূখণ্ডত পুনৰ নিজৰ দখললৈ নিয়া বুলি আনুষ্ঠানিকভাৱে দাবী কৰিছিল বিজিবিয়ে।

১৯৭৫ চনৰ সীমান্ত চুক্তি অনুসৰি ভাৰতৰ বুলি বিবেচিত হোৱা ভূ-খণ্ডক লৈ এই দাবী বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ৷ স্বাভাৱিকতেই বিডিআৰৰ এই দাবীক লৈ দেশজুৰি লাগে তোলপাৰ ৷

তাৎক্ষণিকভাবে বিবৃতি দি- বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ দাবীক দায়িত্বজ্ঞানহীন আখ্যা দিয়ে BSFএ। বিজিবিৰ সদ্য নিযুক্ত কর্নেল পর্যায়ৰ এজন বিষয়াই সংবাদ মেল পাতি এই দাবী কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *